মছজিদত ছালাত কৰাৰ কথা কোৰআনৰ কতো নাই
Masjid
.
(Note: মছজিদত ছালাত কৰাৰ কথা কোৰআনৰ কতো নাই- in above video 15.00-16.27m)(মছজিদ এটা vertual/imaginary বস্তু যিটো অন্তৰত থাকে; কোনো ইটা পাথৰৰ ঘৰ নহয়। মছজিদ হ'ল তাকৱা-৯:১০৮। ইয়াত তাকৱান লোকসকল একত্ৰিত হৈ কোৰআনৰ আলোচনা কৰে। ইয়াত ঠিয়হোৱাটো right.। মছজিদ ৰিজাল(পৱিত্ৰ মানুহ যি ছালাত কায়েম কৰে জাকাত দিয়ে জিহাদ কৰে ইত্যাদি), ইটা পাথৰৰ ঘৰ নহয়। এইবোৰ কোনো নতুন কথা নহয়, কোৰআন খোলক আৰু চাওঁক। )
.
৯:১৮
إِنَّمَا يَعْمُرُ مَسَاجِدَ اللَّهِ مَنْ آمَنَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ وَأَقَامَ الصَّلَاةَ وَآتَى الزَّكَاةَ وَلَمْ يَخْشَ إِلَّا اللَّهَ ۖ فَعَسَىٰ أُولَٰئِكَ أَنْ يَكُونُوا مِنَ الْمُهْتَدِينَ
একমাত্ৰ তেওঁলোকেই আল্লাহৰ মছজিদসমূহৰ তত্বাৱধায়ন লব, যিসকলে ঈমান আনিছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি, চালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। এতেকে আশা কৰা যায় যে, তেওঁলোকেই হ’ব সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।
.
৯:১৯
۞ أَجَعَلْتُمْ سِقَايَةَ الْحَاجِّ وَعِمَارَةَ الْمَسْجِدِ الْحَرَامِ كَمَنْ آمَنَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ وَجَاهَدَ فِي سَبِيلِ اللَّهِ ۚ لَا يَسْتَوُونَ عِنْدَ اللَّهِ ۗ وَاللَّهُ لَا يَهْدِي الْقَوْمَ الظَّالِمِينَ
হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে? সিহঁত আল্লাহৰ ওচৰত সমান নহয়। আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
.
৯:১০৭
وَالَّذِينَ اتَّخَذُوا مَسْجِدًا ضِرَارًا وَكُفْرًا وَتَفْرِيقًا بَيْنَ الْمُؤْمِنِينَ وَإِرْصَادًا لِمَنْ حَارَبَ اللَّهَ وَرَسُولَهُ مِنْ قَبْلُ ۚ وَلَيَحْلِفُنَّ إِنْ أَرَدْنَا إِلَّا الْحُسْنَىٰ ۖ وَاللَّهُ يَشْهَدُ إِنَّهُمْ لَكَاذِبُونَ
আৰু যিসকলে মছজিদ নিৰ্মাণ কৰিছে ক্ষতিসাধন কৰাৰ বাবে, কুফৰী কৰাৰ বাবে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যে আৰু ইয়াৰ আগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যিসকলে যুদ্ধ কৰিছিল সিহঁতৰ গোপন ঘাটি স্বৰূপে ব্যৱহাৰৰ উদ্দেশ্যে, আৰু সিহঁতে অৱশ্যে শপত খাই ক’ব, ‘আমি কেৱল কল্যাণ কামনা কৰিছিলোহে’; আৰু আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় সিহঁত মিছলীয়া।
.
৯:১০৮
لَا تَقُمْ فِيهِ أَبَدًا ۚ لَمَسْجِدٌ أُسِّسَ عَلَى التَّقْوَىٰ مِنْ أَوَّلِ يَوْمٍ أَحَقُّ أَنْ تَقُومَ فِيهِ ۚ فِيهِ رِجَالٌ يُحِبُّونَ أَنْ يَتَطَهَّرُوا ۚ وَاللَّهُ يُحِبُّ الْمُطَّهِّرِينَ
তুমি তাত কেতিয়াও চালাতৰ বাবে থিয় নহ’বা; যি মছজিদৰ ভেঁটি প্ৰথম দিনাৰ পৰাই স্থাপিত হৈছে তাক্বৱাৰ ওপৰত, সেইটোতহে চালাতৰ বাবে থিয় হোৱা তোমাৰ বাবে বেছি উপযুক্ত। তাত এনেকুৱা লোক আছে যিসকলে উত্তমৰূপে পৱিত্ৰতা অৰ্জন কৰাটো ভালপায়, আৰু পৱিত্ৰতা অৰ্জনকাৰীসকলক আল্লাহে ভালপায়।
.
১৮:২১(see last side)
وَكَذَٰلِكَ أَعْثَرْنَا عَلَيْهِمْ لِيَعْلَمُوا أَنَّ وَعْدَ اللَّهِ حَقٌّ وَأَنَّ السَّاعَةَ لَا رَيْبَ فِيهَا إِذْ يَتَنَازَعُونَ بَيْنَهُمْ أَمْرَهُمْ ۖ فَقَالُوا ابْنُوا عَلَيْهِمْ بُنْيَانًا ۖ رَبُّهُمْ أَعْلَمُ بِهِمْ ۚ قَالَ الَّذِينَ غَلَبُوا عَلَىٰ أَمْرِهِمْ لَنَتَّخِذَنَّ عَلَيْهِمْ مَسْجِدًا
আৰু এইদৰে আমি মানুহক সিহঁতৰ বিষয়ে জনাই দিলো যাতে সিহঁতে জানে যে, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য আৰু নিশ্চয় কিয়ামতত কোনো সন্দেহ নাই। যেতিয়া সিহঁতে (নগৰবাসীয়ে) সিহঁতৰ কৰ্তব্যৰ বিষয়ে নিজৰ মাজতে বিতৰ্ক কৰিছিল তেতিয়া সিহঁতৰ কিছুমানে ক’লে, ‘সিহঁতৰ ওপৰত সৌধ নিৰ্মাণ কৰা’। সিহঁতৰ প্ৰতিপালকেই সিহঁতৰ বিষয়ে ভালদৰে জানে। সিহঁতৰ কৰ্তব্যৰ বিষয়ে যিসকলৰ মত প্ৰবল হৈছিল সিহঁতে ক’লে, ‘নিশ্চয় আমি সিহঁতৰ ওপৰত মছজিদ নিৰ্মাণ কৰিম’।
।।।
(কোৰআনত যি ২৮ ঠাইত মছজিদৰ কথা কোৱা হৈছে সেইবোৰ বিভিন্ন ঠাইত বনোৱাবোৰ নহয়)
.
৮:৩৫
وَمَا كَانَ صَلَاتُهُمْ عِنْدَ الْبَيْتِ إِلَّا مُكَاءً وَتَصْدِيَةً ۚ فَذُوقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْفُرُونَ
আৰু কাবা ঘৰৰ ওচৰত সিহঁতৰ উপাসনা উৰুলি আৰু হাত তালিৰ বাহিৰে আন একো নহয়। গতিকে তোমালোকে শাস্তি ভোগ কৰা, কাৰণ তোমালোকে কুফৰী কৰিছিলা।
...
২:১৮৭(✔️মছজিদত এ’তিকাফ অৱস্থাত সিহঁতৰ লগত সংগত নহ’বা।
মছজিদত কি এইবোৰ কৰাৰ কথা আহিব পাৰে নেকি?)
أُحِلَّ لَكُمْ لَيْلَةَ الصِّيَامِ الرَّفَثُ إِلَىٰ نِسَائِكُمْ ۚ هُنَّ لِبَاسٌ لَكُمْ وَأَنْتُمْ لِبَاسٌ لَهُنَّ ۗ عَلِمَ اللَّهُ أَنَّكُمْ كُنْتُمْ تَخْتَانُونَ أَنْفُسَكُمْ فَتَابَ عَلَيْكُمْ وَعَفَا عَنْكُمْ ۖ فَالْآنَ بَاشِرُوهُنَّ وَابْتَغُوا مَا كَتَبَ اللَّهُ لَكُمْ ۚ وَكُلُوا وَاشْرَبُوا حَتَّىٰ يَتَبَيَّنَ لَكُمُ الْخَيْطُ الْأَبْيَضُ مِنَ الْخَيْطِ الْأَسْوَدِ مِنَ الْفَجْرِ ۖ ثُمَّ أَتِمُّوا الصِّيَامَ إِلَى اللَّيْلِ ۚ وَلَا تُبَاشِرُ➡️وهُنَّ وَأَنْتُمْ عَاكِفُونَ فِي الْمَسَاجِدِ ۗ تِلْكَ حُدُودُ اللَّهِ فَلَا تَقْرَبُوهَا ۗ كَذَٰلِكَ يُبَيِّنُ اللَّهُ آيَاتِهِ لِلنَّاسِ لَعَلَّهُمْ يَتَّقُونَ
ছিয়ামৰ ৰাতিত তোমালোকৰ বাবে ✔️স্ত্ৰী-সম্ভোগ বৈধ কৰা হৈছে। সিহঁত তোমালোকৰ পোছাকস্বৰূপ আৰু তোমালোকেও সিহঁতৰ পোছাকস্বৰূপ। আল্লাহে জানে যে, তোমালোকে নিজৰ লগতেই খিয়ানত কৰিছিলা। এতেকে তেওঁ তোমালোকৰ তাওবা কবুল কৰিছে আৰু তোমালোকক মাৰ্জনা কৰিছে। এতেকে তোমালোকে এতিয়া সিহঁতৰ লগত মিলিত হোৱা আৰু আল্লাহে তোমালোকৰ বাবে যি বিধিবদ্ধ কৰিছে সেইটো কামনা কৰা; আৰু তোমালোকে পানাহাৰ কৰা যেতিয়ালৈকে ৰাতিৰ ক'লা ৰেখাৰ পৰা ঊষাৰ বগা ৰেখা স্পষ্টৰূপে তোমালোকৰ ওচৰত প্ৰকাশ নহয়। তাৰ পিছত ৰাতিৰ আগমন পৰ্যন্ত ছিয়াম পালন কৰা; আৰু তোমালোকে ✔️মছজিদত এ’তিকাফ অৱস্থাত সিহঁতৰ লগত সংগত নহ’বা। এইবোৰ আল্লাহৰ সীমাৰেখা। সেয়ে এইবোৰৰ নিকটৱৰ্তী নহ’বা। এনেকৈ আল্লাহে তেওঁৰ আয়াতসমূহ মানুহৰ বাবে সুস্পষ্টভাৱে বৰ্ণনা কৰে, যাতে সিহঁতে তাক্বৱাৰ অধিকাৰী হ’ব পাৰে।
।।।
৭:৩১(মছজিদত কি খোৱা বোৱা কৰা ঠাই নেকি? ইয়াত অনুবাদ কৰোঁতে কৌশলগত ভাৱে মছজিদটো বাদ দি গৈছে।)
۞ يَا بَنِي آدَمَ خُذُوا زِينَتَكُمْ عِنْدَ كُلِّ مَسْجِدٍ➡️ وَكُلُوا وَاشْرَبُوا وَلَا تُسْرِفُوا ۚ إِنَّهُ لَا يُحِبُّ الْمُسْرِفِينَ
হে আদম সন্তান! প্ৰত্যেক ছালাতৰ সময়ত তোমালোকে সুন্দৰ পোছাক পৰিধান কৰা। مَسْجِدٍ খোৱা আৰু পান কৰা কিন্তু অপচয় নকৰিবা। নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে।
।।।
Comments
Post a Comment